Erosion of Subansiri River: খহনীয়াৰ বাবে তিনিবাৰকৈ স্থানান্তৰ এখন বিদ্যালয় - Erosion of Subansiri River in Lakhimpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 24, 2023, 6:45 PM IST

লখিমপুৰ, ২৪ মে': প্ৰকৃতিৰ ৰোষত পৰা লখিমপুৰৰ এখন বিদ্যালয় । তিনিবাৰকৈ স্থানান্তৰিত কৰিবলগীয়া হৈছে এই বিদ্যালয়খন (Dilapidated school in Lakhimpur)। শিক্ষা বিভাগে চৰম অৱহেলা কৰাত মানৱ সম্পদ গঢ়াৰ কমাৰশালখনে এতিয়া বিধ্বস্ত ৰূপ ধাৰণ কৰিছে । এই বিদ্যালয়খনৰ বিধ্বস্ত ৰূপে শিক্ষা ব্যবস্থাটোকে যেন ভেঙুচালি কৰিছে । কেন্দ্রীয় শিক্ষানীতিৰ পৰা শৈক্ষিক ক্ষেত্রৰ পৰিৱৰ্তন, সংস্কাৰ সাধনৰ বাবে শিক্ষা বিভাগৰ অসংখ্য ঘোষণাৰ অন্তঃসাৰশূন্য ৰূপটো উদঙাই দিছে এই বিদ্যালয়খনে (Primary school without infrastructure)।  

সোৱণশিৰি নদীৰ খহনীয়াৰ বাবে তিনিবাৰ মান বিদ্যালয়খনৰ স্থান বদলি কৰা হৈছে (Erosion of Subansiri River in Lakhimpur)। বিদ্যালয়খনৰ নাম বৰ চাপৰি বালিভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয় । ২০২০ চনৰ পৰা বিদ্যালয়খন খহনীয়াৰ কবলত পৰাৰ ফলত জাহ যোৱাৰ বাবে বাৰে বাৰে স্থান সলনি কৰিবলগীয়া হোৱাত এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে বিদ্যালয়খন । 

এই  বিদ্যালয়খনত নাই শৌচাগাৰ, নাই প্ৰস্ৰাৱগাৰ । ফলত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়েত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে । ৰান্ধনী ঘৰটো ধুমুহাই ভাঙি নিয়াৰ ফলত এতিয়া মধ্যাহ্ন ভোজন ৰন্ধাৰ বাবেও অসুবিধাৰ সন্মুখীন হৈছে ৰান্ধনীসকল । বাৰন্দাখনো উৰুৱাই নিছে ধুমুহাই । ৰাইজৰ সহযোগত বাঁহ কাঠেৰে গৃহটো নিৰ্মাণ কৰি কোনোমতে জৰাজীৰ্ণ অৱস্থাত পাঠদান চলি আছে । বৰষুণ দিলে ভিতৰত পানী পৰা বাবে পাঠদানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল । 

ইপিনে, কেইবাটাও শিক্ষকৰ পদ খালী হৈ আছে বিদ্যালয়খনত । প্ৰয়োজন অনুসৰি শিক্ষক নথকা, বিধ্বস্ত গৃহ, কোনো ধৰণৰ আন্তঃগাঁঠনিৰ সুবিধা নথকাকৈ চলি আছে যথেষ্ট সংখ্যক ছাত্র-ছাত্রী থকা এই বিদ্যালয়খন ।  

লগতে পঢ়ক:Assam Meghalaya border issue: সীমা বিবাদকলৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.