thumbnail

By

Published : Aug 6, 2022, 10:26 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Viral video : অভিৰাজৰ কণ্ঠই মন্ত্ৰমুগ্ধ কৰিছে সংগীত প্ৰেমীক

বিদ্যালয়ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি এতিয়া ভাইৰেল হৈ পৰিছে সোণাৰিৰ এগৰাকী ছাত্ৰ (Viral child singer of Sonari)। সোণাৰিৰ পাৰ্বতি প্ৰসাদ বৰুৱা প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰগৰাকীৰ নাম অভিৰাজ বৰগোহাঁই । সংগীতৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ম’বাইল ফোনতে গান শুনি শিকিবলৈ চেষ্টা কৰা অভিৰাজৰ পিতৃ মনোজ বৰগোহাঁই পেছাত এগৰাকী আৰক্ষী জোৱান আৰু মাতৃৰ নাম ৰীতা বৰগোহাঁই । উল্লেখ্য যে, সোণাৰিস্থিত শিৱসাগৰ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলৰ school internship program ৰ সময়ত পৰিৱেশন কৰা এটি গীত প্ৰশিক্ষাৰ্থীসকলে ৰেকৰ্ডিং কৰি ফেচবুকত দিয়াৰ পাছতে ভাইৰেল হৈ পৰে অভিৰাজ বৰগোহাঁইৰ কণ্ঠত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত । কোনোধৰণৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অভিৰাজে ঘৰতে কৰি আহিছে সংগীত চর্চা । শুনক এই শিশুটিৰ গান ৷ এবাৰ শুনিলেই মন্ত্ৰমুগ্ধ হ’ব আপুনিও...
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.