thumbnail

Food poisoning: তামুলপুৰৰ ইক্ৰাবিল গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ শিশুৰ মৃত্যু; অৰ্ধশতাধিক চিকিৎসাধীন

By

Published : Apr 17, 2023, 6:13 PM IST

বাক্সা, 17 এপ্ৰিল : বাক্সা জিলাৰ তামুলপুৰত অঘটন ৷ খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে তামুলপুৰ মহকুমাৰ ইক্ৰাবিল গাঁৱত (Food poisoning in Baska) ৷ গাঁওখনৰ শিশু-মহিলাসহ অৰ্ধশতাধিক লোক খাদ্যত বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰিছে ৷ ইতিমধ্যেই খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত এটি শিশুৰ মৃত্যু হৈছে (Child death in food poisoning in Baksa) ৷ মৃত শিশুটিৰ নাম জ্যোতিকা নমঃ দাস (10)।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, শনিবাৰে ইক্ৰাবিল গাঁৱৰ আছিল গণেশ পূজা ৷ এই গণেশ পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে বহু লোক ৷ তাৰ পাচতে ইজনৰ পিচত সিজনকৈ ৰোগীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ বৰ্তমান বহু ৰোগী নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ চিকিৎসকসকলেও পাৰ্যমানে সকলোৰে চিকিৎসা কৰি আছে ৷

এই ঘটনাৰ পাচতে ঘটনাস্থলীত তামুলপুৰ মহকুমা প্ৰশাসনৰ লোক আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে  ৷

লগতে পঢ়ক : Fake currency seized: বান্দিলে বান্দিলে জালনোটসহ জালত পৰিল অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.