New song recorded: বিহুৰ বতৰত ব্ৰয়লাৰ ব্যৱসায়ী গোলাপৰ সুৰীয়া উপহাৰ - Chiken businessman singing talent
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18053224-thumbnail-4x3-newbska-aspera.jpg)
বাক্সা, ২২ মাৰ্চ: বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলী টুকুৰাকুছিৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক গোলাপ দাসে ব'হাগ বিহুৰ প্ৰাকঃক্ষণত ৰাইজলৈ উপহাৰ দিবলৈ ওলাইছে ব্যতিক্ৰমী চিন্তা চৰ্চাৰে এটি সুন্দৰ গীত আৰু ভিডিঅ’ । অঞ্চলীৰ যুৱক গোলাপ দাস পেচাত এজন ক্ষুদ্ৰ ব্ৰইলাৰ ব্যৱসায়ী (New song recorded by Broiler businessman) । অঞ্চলী চ'ক বজাৰত এখন সৰু মাংসৰ দোকান দি নিজে মাংস কাটি বিক্ৰী কৰে গোলাপে (Talent of chiken mercent) ।
গোলাপৰ ব্যৱসায়ত সহায় কৰি আহিছে তেওঁৰ মাতৃয়ে । সময় পালে গোলাপে ব্ৰইলাৰ কাটি বিক্ৰী কৰাৰ উপৰিও চাৰিচকীয়া বাহনো চলায় । সংগীতৰ প্ৰতি প্ৰৱল ধাউতি থকা যুৱক গোলাপ দাসে সময় আৰু সুবিধা বুজি চৰ্চা কৰে সংগীতৰ (Chiken businessman singing talent) । সংগীতৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে গোলাপে সুন্দৰভাৱে চলাই গৈছে তেওঁৰ সাংগীতিক যাত্ৰা ।
তেনেকৈয়ে বাক্সাৰ অঞ্চলী টুকুৰাকুছিৰ যুৱক তথা স্থানীয় ক্ষুদ্ৰ ব্ৰইলাৰ ব্যৱসায়ী গোলাপ দাসে তেওঁৰ একক প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিয়াইছিল "অলপ বেলেগ" শীৰ্ষক সুন্দৰ এটি ভিডিঅ’ গীত ৷ সেই গীতটিত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পোৱাৰ পিচতে দ্বিতীয় এটি ব্যতিক্ৰমী সুন্দৰ গীত আগবঢ়াবলৈ ওলাইছে গোলাপ । তেওঁৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক ৰাইজে সুন্দৰভাৱে আকোঁৱালি ল'ব বুলি আশা কৰিছে ।
লগতে পঢ়ক: Kaliabor Man Weaver news: কলিয়াবৰৰ এজন বিশেষ শিপিনিৰ কথাৰে