99 বছৰত ভৰি দিয়া এজন স্বাভিমানী ককাৰ জন্মদিন উদযাপন

By

Published : Aug 22, 2022, 11:05 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
শতবৰ্ষত ভৰি দিবলৈ মাজত মাত্ৰ এবছৰ । 98 বছৰ অতিক্ৰম কৰি 99 বছৰত ভৰি দিছে এজন স্বাভিমানী ককাই । ককাৰ জন্মদিনৰ এই বিশেষ দিনটো গাঁওবাসীয়ে নামঘৰত নাম প্ৰসংগৰে উদযাপন কৰে এই বিশেষ দিনটো (99 years old person celebrates birthday in Namghar) । নাম প্ৰসংগৰ পাচতে ৰাজহুৱা সম্বৰ্ধনাৰে উপচাই পেলালে ককা জীৱকান্ত বৰাক । সংবাদ মাধ্যমৰ আগতো 1924 চনত জন্মগ্ৰহণ কৰা ককাই কৈ গ’ল ইতিহাস সমৃদ্ধ তেওঁৰ জীৱনৰ বহু কথা । য’ত তেতিয়াৰ সমাজ ব্যৱস্থা আৰু এতিয়াৰ সমাজ ব্যৱস্থাৰ মাজত তেওঁ দেখিছে আকাশ পাতাল পাৰ্থক্য । দেশৰ স্বাধীনতা আন্দোলনৰ সেই কথাও নিৰলসভাৱে কৈ গ’ল ককাই ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাই ককাৰ এই বিশেষ দিনটোত জ্ঞাপন কৰিছো অলেখ শুভকামনা ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.