thumbnail

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 3:09 PM IST

ETV Bharat / Videos

Tribute to Bhupen Hazarika: বঢ়মপুৰত সুধাকন্ঠ ভূপেন হাজৰিকাৰ 97 সংখ্যক ওপজা দিন উদযাপন

চামগুৰি, 8 ছেপ্টেম্বৰ: আজি ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ 97 সংখ্যক ওপজা দিন ৷ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে সুধাকণ্ঠৰ 97 সংখ্যক ওপজা দিনটি । নগাঁৱৰ বঢ়মপুৰত ভাৰতৰত্ন সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ 97 সংখ্যক ওপজা দিন উদযাপন কৰা হয় । নগাঁও বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়াত শিল্পীগৰাকীৰ যাউতিযুগীয়া গীত-মাতেৰে সুধাকণ্ঠগৰাকীক স্মৰণ কৰে । 

আজি বিদ্যালয়খনত প্ৰথমে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় । বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে সুধাকন্ঠ কালজয়ীৰ সৃষ্টি "মানুহে মানুহৰ বাবে" গীতটি পৰিৱেশন কৰে । লগতে সুধাকন্ঠৰ বহু গীত-মাত আৰু বক্তব্যৰে আজিৰ এই অনুষ্ঠানটিৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

লগতে পঢ়ক: Tribute to Bhupen Hazarika: গীতৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.