বিপিএফৰ ৮৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা - ত্যাগ কৰে বিজেপি দল

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 9:23 PM IST

বাক্সা, 30 নৱেম্বৰ : বড়োভূমিত দল বাগৰাৰ ৰাজনীতিয়ে এতিয়া বাৰুকৈয়ে পাগ লৈছে ৷ আজি যদি কোনোবাই হাগ্ৰামা মহিলাৰীৰ সংগ এৰি প্ৰমোদ বড়োৰ লগ লাগিছে, কাইলৈ আকৌ আন কোনোবাই প্ৰমোদ বড়োৰ সংগ ত্যাগ কৰি হাগ্ৰামা মহিলাৰীৰ কাষলৈ যাবলৈ ঠেং দাঙিছে ৷ কংগ্ৰেছ এৰি কোনোবা যদি বিজেপিলৈ গৈছে, আন কোনোবাজনে বিজেপি এৰি থৈ কংগ্ৰেছৰ দুৱাৰ টুকুৰিয়াইছে ৷ মুঠতে দল সলনি কৰা এক উথপথপ পৰিৱেশ এতিয়া বড়োভূমিত বিদ্যমান ৷ এই ধাৰা অব্যাহত ৰাখি আজি পুনৰ এজন নেতা এৰি যোৱা ঘৰখনলৈ উভতি আহে ৷ এই ওভতনি-ভটিয়নী যাত্ৰা নিশ্চিতভাৱে লোকসভা নিৰ্বাচন পৰ্যন্ত চলি থাকিব ৷

বৃহস্পতিবাৰে বাক্সাৰ শিমলাগুৰিত বিপিএফ দলৰ ৮৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাতে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে ৷ কিছুদিন পূৰ্বে তেওঁ বিজেপি ত্যাগ কৰিছিল ৷ 

এই সভাতে চাপাগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক টিজেন বসুমতাৰীয়েও বিপিএফত যোগদান কৰে ৷ বিপিএফত যোগদান কৰি ইমানুৱেল মুছাহাৰীয়ে কয় যে, উচিত মৰ্যাদা নোপোৱাৰ বাবেই তেওঁ ত্যাগ কৰে বিজেপি দল ৷ লোকসভাত নিৰ্বাচন নেখেলাৰ কথাও উল্লেখ কৰে ইমানুৱেল মুছাহাৰীয়ে ৷

লগতে পঢ়ক : হাগ্ৰামা মহিলাৰীৰ চিন্তা বেলেগ ধৰণৰ, তেওঁৰ চিন্তা আনে বুজি নাপায় : প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.