Independence Day 2023: বৰপেটাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে ৰণজিৎ কুমাৰ দাসে - Azadi ka Amrit Mahotsav

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 15, 2023, 12:20 PM IST

বৰপেটা, ১৫ আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ বৰপেটা পৌৰসভা খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত খাদ্য অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ৷

পতাকা উত্তোলনৰ পিচতে মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত জিলাখনৰ উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে ৷ ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে অভিবাদন গ্ৰহণ কৰে ৷ আৰক্ষীৰ বিভিন্ন বাহিনীৰ লগতে গৃহৰক্ষী বাহিনী, কেবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি কেডেট, স্কাউট আৰু গাইডৰ দলসমূহে মন্ত্ৰীগৰাকীক অভিবাদন জনায় ৷  

বৰপেটা পৌৰসভা খেলপথাৰত উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বৃহৎ সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে ৷ আনহাতে, বৰপেটা আৰক্ষীৰ বাইক ৰাইডাৰ্ছৰ কৌশল প্ৰদৰ্শন আছিল স্বাধীনতা দিৱসৰ বিশেষ আকৰ্ষণ ৷ এই অনুষ্ঠানটোত বৰপেটা জিলা প্ৰশাসনৰ প্ৰতীক পট প্ৰদৰ্শনৰ পিচতে বৰপেটাৰ বিবিধ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় ৷

লগতে পঢ়ক:77th Independence day: মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষণ চলি থাকোতেই ঢলি পৰিল মহিলা আৰক্ষী জোৱান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.