thumbnail

By

Published : Jan 27, 2023, 8:00 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Republic day celebrated in Tamilnadu: ৰাষ্ট্ৰীয় পতাকালৈ গান্ধীমতীৰ প্ৰণাম

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী :  বৃহস্পতিবাৰৰ দিনটোত দেশজুৰি পালিত হ’ল ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ (74 th republic day) ৷ দেশৰ ৰাজধানী দিল্লীত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসটিৰ অনুষ্ঠিত কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতিৰে উদযাপন কৰা হয় 74 সংখ্যক গণৰাজ্য দিৱসৰ (74 th republic day celebrated all over India)। দাক্ষিণাত্যৰ অন্যতম এখন ৰাজ্য তামিলনাডুতো পালন কৰা হয় গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী (74 th republic day celebrated in Tamilnadu) ৷ ৰাজ্যখনৰ হিন্দু ধৰ্মীয় দাতব্য বিভাগৰ অধীনস্থ মন্দিৰসমূহে মন্দিৰৰ বিধি-ব্যৱস্থা অনুসৰি উন্মুক্ত কৰে ৰাষ্ট্ৰীয় পতাকা ।  

তামিলনাডুৰ অন্যতম এটি বিখ্যাত মন্দিৰ তিৰুনেলভেলী নেল্লাইয়াপ্পাৰ মন্দিৰত (Tirunelveli Nellaiappar Temple) মন্দিৰৰ নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ মাজেৰে পালন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস । দেশৰ বিভিন্ন প্ৰান্তত পালিত হোৱা গণৰাজ্য দিৱসতকৈ কিছু ব্যতিক্ৰম আছিল তিৰুনেলভেলী নেল্লাইয়াপ্পাৰ মন্দিৰত পালিত হোৱা এইবাৰৰ গণৰাজ্য দিৱসটি ৷ কিয়নো তিৰুনেলভেলী নেল্লাইয়াপ্পাৰ মন্দিৰত পালিত হোৱা গণৰাজ্য দিৱসত উন্মুক্ত কৰা ৰাষ্ট্ৰীয় পতাকালৈ সন্মান প্ৰদৰ্শন কৰিলে এটি হাতীয়ে (Temple Elephant salute to National Flag in Tamilnadu) ৷ হাতীটোৰ নাম গান্ধীমতী । পৰম্পৰাগতভাৱে দিনটোৰ সৈতে সংগতি ৰাখি মন্দিৰৰ সন্মুখত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উন্মুক্ত কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । মন্দিৰৰ মুখ্য দ্বাৰৰ সন্মুখত উন্মুক্ত কৰা হয় ৰাষ্ট্ৰীয় পতাকা ৷ এই পতাকাৰ প্ৰতি প্ৰণাম জনাই সন্মান প্ৰদৰ্শন কৰিলে গান্ধীমতী নামৰ হাতীটোৱেও ৷

তিৰুনেলভেলী নেল্লাইয়াপ্পাৰ মন্দিৰত আয়োজিত গণৰাজ্য দিৱসৰ পতাকা উন্মুক্ত কৰে মন্দিৰৰ প্ৰশাসনিক বিষয়া আয়েৰ শিৱমণীয়ে । ইয়াৰ পাচতে মন্দিৰৰ পুৰোহিতসকলে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে বিশেষ পূজা সিদ্ধিৰে । একেদৰে অনুষ্ঠানটোত উপস্থিত থকা ৰাইজৰ মাজত বিতৰণ কৰা হয় মিঠাই ।

দেশৰ ৰাজধানী দিল্লীত আয়োজিত 74 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে দেশৰ ৰাষ্ট্ৰ্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President of india Droupadi Murmu) ৷ আৰু আমাৰ ৰাজ্যখনত কেন্দ্ৰীয়ভাৱে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ  ৷ দিল্লীত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)ৰ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী তথা বিষয়াসকল ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিছি ৷

উল্লেখ্য যে, প্ৰতিগৰাকী নাগৰিকৰে দেশৰ প্ৰতি থাকে অকুণ্ঠ প্ৰেম ৷ কিন্ত 74 সংখ্যক গণৰাজ্য দিৱসত গান্ধীমতী নামৰ হাতীটোৱে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান নিশ্চয়কৈ এক উল্লেখনীয় বিষয় ৷ সম্প্ৰতি এই বিষয়টোৱে দেশজুৰি লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক : 74 th republic day celebration: ধেমাজি জিলাৰ বিভিন্ন স্থানত 74 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.