খোজেৰেই বৰদোৱা থানৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ ওলাল 73 বছৰীয়া বিপিন চন্দ্ৰ খনিকৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:11 PM IST

thumbnail

কলিয়াবৰ, 18 নৱেম্বৰ : সুস্বাস্থ্য আৰু দৃঢ় মনোবলৰ প্ৰতীক বিপিন চন্দ্ৰ খনিকৰ ৷ জ্যেষ্ঠ নাগৰিক সকলৰ মনোবল বৃদ্ধিৰ লগতে সুস্বাস্থ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰায় 450 কিলোমিটাৰ খোজ কাঢ়িব কলিয়াবৰৰ উলুৱনী গাঁৱৰ বিপিন চন্দ্ৰ খনিকৰ নামৰ 73 বছৰীয়া জ্যেষ্ঠ নাগৰিক তথা কলিয়াবৰৰ প্ৰবীণ খেলুৱৈগৰাকীয়ে ৷  

ইতিমধ্যে বৰদোৱা থানৰ পৰা যাত্ৰা আৰম্ভ কৰি লোকজনে কলিয়াবৰ-তেজপুৰ পথেৰে মধুপুৰ সত্ৰলৈ বুলি তৃতীয় দিনাৰ বাবে অব্যাহত ৰাখিছে পদযাত্ৰা ৷ প্ৰতিদিনে পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈকে প্ৰায় 30 কিলোমিটাৰ খোজ কাঢ়ি ঠায়ে-ঠায়ে নিশা কটাই সুদীৰ্ঘ দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিব লোকজনে ৷ যাত্ৰাপথত ঠায়ে-ঠায়ে জিৰণি লোৱাৰ লগতে বিভিন্নজনক স্বাস্থ্য ৰক্ষাৰ উপৰিও মনোবল বৃদ্ধিৰ বাবে খোজ কাঢ়িবলৈ উৎসাহ যোগাই সজাগতা সৃষ্টি কৰিছে 73 বছৰীয়া বিপিন চন্দ্ৰ খনিকৰে ৷

2010 চনত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা বিপিন চন্দ্ৰ খনিকৰ এগৰাকী প্ৰবীণ খেলুৱৈও ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ খোজ কঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাৰ লগতে ইতিপূৰ্বে ঢলা-শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেতুও খোজ কাঢ়ি পাৰ হৈছিল বিপিন চন্দ্ৰ খনিকৰে ৷

লগতে পঢ়ক : ষঠ পূজা উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা মহানগৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.