Birth anniversary of Parag Kumar Das : প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিন উদযাপন

By

Published : Feb 24, 2023, 10:45 PM IST

Updated : Feb 25, 2023, 6:14 AM IST

thumbnail

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : পৰাগ কুমাৰ দাস মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি শুকুৰবাৰে স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় (Birth anniversary of Parag Kumar Das )। কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত আয়োজন কৰা এই অনুষ্ঠানত ‘‘সাম্প্ৰতিক প্ৰেক্ষাপটত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু জাতীয় অৰ্থনীতি নিৰ্মাণৰ প্ৰসংগ’’ বিষয়ত বক্তৃতা প্ৰদান কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সঞ্চালক ড৹ জয়দীপ বৰুৱাই ।

তেওঁ নিৰ্দিষ্ট বিষয়টোৰ ওপৰত বিষদভাৱে বক্তব্য আগবঢ়াই । বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বক্তৃতা অনুষ্ঠানৰ আঁতধৰে ট্ৰাষ্টৰ সম্পাদক ময়ূৰ বৰাই ৷ উক্ত অনুষ্ঠানটোত ট্ৰাষ্টৰ সভাপতি ড৹ অপূৰ্ব কুমাৰ বৰুৱা জ্যেষ্ঠ সাংবাদিক নিত্য বৰা, মনিষা হাজৰিকা, হাইদৰ হুছেইনকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা অসমীয়া প্ৰতিদিনৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি 62 সংখ্যক জন্মদিন (62nd Birth anniversary of Parag Kumar Das) । পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ । 1996 চনত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাব লগাত পৰিছিল পৰাগ কুমাৰ দাসে । 80 দশকতেই পৰাগ কুমাৰ দাসে প্ৰান্তিক আৰু আন আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল ।

1961 চনৰ 24 ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ দাসে গুৱাহাটীৰ চেনীকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুলত অধ্যয়ন কৰি কটন কলেজিয়েটৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । 1977 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল পৰাগে । তাৰ পাচত তেওঁ কটন কলেজত শিক্ষাগ্ৰহণ কৰাৰ লগতে দিল্লীৰ ছেইন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিভাগত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল । ইয়াৰে পৰৱৰ্তী পৰ্যায়ত স্কুল অৱ ইক’নমিকছৰ পৰা স্নাতক ডিগ্ৰী লৈছিল পৰাগ কুমাৰ দাসে ৷

লগতে পঢ়ক : Birth anniversary of Parag Kumar Das : পৰাগ কুমাৰ দাসলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

Last Updated : Feb 25, 2023, 6:14 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.