thumbnail

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 5:31 PM IST

ETV Bharat / Videos

Illegal Weapon in Nagaon: মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পাঁচজনকৈ যুৱক

নগাঁও, 29 অক্টোবৰ : অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ আন এক সফলতা । অবৈধ মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পৰিছে পাঁচগৰাকী যুৱক । নগাঁৱৰ বৰঘাট বাইপাছত ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা কৰোঁতেই নগাঁও আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় পাঁচটাকৈ অপৰাধীক । শনিবাৰে নিশা চলছলিৰ পৰা হোজাইলৈ গৈ থকা অৱস্থাত বৰঘাট বাইপাছত আৰক্ষীয়ে পিষ্টল আৰু গুলীসহ আটক কৰে যুৱককেইজনক । 

ডকাইতিৰ পৰিকল্পনাৰ তথ্য নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰে খবৰ লাভ কৰি কৌশলেৰে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় অপৰাধীকেইটাক । ধৃত অপৰাধীকেইটা হৈছে ক্ৰমে মঃ ইনামুল হক, ৰকিবুল হুছেইন, জেহেৰুল চৌধুৰী, আহিদুল ইছলাম আৰু মঃ হিবজুৰ ৰহমান । অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত অপৰাধীকেইটাৰ পৰা এটা ৭.৬৫ পিষ্টলসহ দুই জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Hojai Encounter : আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী, গুলীবিদ্ধ ডকাইত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.