thumbnail

অমংগলৰ ভয়ত ভোগালী বিহু উদযাপন নকৰে ডিব্ৰুগড়ৰ পাঁচখন গাঁৱৰ ৰাইজে

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 9:11 PM IST

ডিব্ৰুগড়, 14 জানুৱাৰী: আজি ভোগালীৰ উৰুকা ৷ লগে-ভাগে এসাজ খাবলৈ সকলোৱে যো-জা চলাইছে ৷ কিন্তু ডিব্ৰুগড়ৰ পাঁচখন গাঁৱত কোনেও সজা নাই মেজি আৰু ভেলাঘৰ ৷ কোনো আয়োজন নাই উৰুকাৰ ভোজ-ভাতৰো ৷ এয়া এক বা দুবছৰীয়া পৰিক্ৰমা নহয় ৷ বছৰ বছৰ ধৰি এইকেইখন গাঁৱৰ ৰাইজে মেজি ভেলাঘৰ সজা নাই ভোগালী উৰুকাত ৷ ইয়াত আছে পৰম্পৰাৰ বিপৰীতে আন এক পৰম্পৰা ৷ গাঁওকেইখনৰ বয়োজ্যেষ্ঠসকলেও দেখা নাই ভেলাঘৰ বা মেজি ৷

ভোগালী বিহুৰ মূল আকৰ্ষণ তথা পৰম্পৰাই হৈছে ভলাঘৰ আৰু মেজি ৷ যদিও ভোগৰ উৎসৱ; তথাপিও ভেলাঘৰ, মেজিৰ অবিহনে ভোগালীৰ ভোগ আধৰুৱা ৷ ভেলাঘৰ, মেজিৰ প্ৰতি থকা টানৰ বাবেইতো চহৰত কৰ্মৰতসকল ঢপলিয়াই যায় নিজ নিজ গাঁওখনলৈ ৷  

কিন্তু ডিব্ৰুগড়ৰৰ কেইখনমান গাঁৱৰ লোকে নাসাজে মেজি, নাসাজে ভেলাঘৰ, নাখায় উৰুকাৰ ভোজ-ভাত ৷ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত এই ৫ খন গাঁও ক্ৰমে মেচলৌ ভঁৰালী, ভঁৰালী, ন-ভঁৰালী সোণোৱাল গাঁও, ১ নং চৰাইহাবি আৰু ২ নং চৰাইহাবি ৷

যুগ যুগ ধৰি এই পৰম্পৰাৰেই চলি আহিছে গাঁওকেইখৰ ৰাইজ ৷  ৰাইজৰ অপায় অমংগল হোৱাৰ ভয়তে ভোগালী বিহুৰ পৰম্পৰাৰ পৰা আঁতৰি থাকে  উৰুকাৰ ভোজ-ভাতক লৈও কোনোধৰণৰ আয়োজন নাথাকে গাঁওকেইখনত ।

ৰাইজৰ বিশ্বাস অনুসৰি এই ৫ খন গাঁৱত ভোগালী বিহু ৰাজহুৱাকৈ উদযাপন কৰিলে ৰাইজৰ অমংগল হয় । বাঘ ওলায় আৰু বাঘে সন্ত্ৰাস চলাই পোহনীয়া জীৱ-জন্তুক বধ কৰাৰ লগতে ৰাইজৰ অনিষ্ট কৰে । সেইবাবেই গাঁওকেইখনৰ লোকসকলে ভোগালী বিহু ৰাজহুৱাকৈ উদযাপন নকৰে । অৱশ্যে গাঁৱৰ মহিলাসকলে এই বিহুত ঘৰুতে পিঠা-পনাকে ধৰি বিহুৰ আন সামগ্ৰীসমূহ প্ৰস্তুত কৰে । এইদৰেই চলি আহিছে তেওঁলোক, আপোনাৰ মোৰ দৃষ্টিৰ অলক্ষিতে এক ব্যতিক্ৰমী পৰম্পৰাক সাৱটি ৰাখিছে এই গাঁওকেইখনৰ লোকসকলে ৷

লগতে পঢ়ক: ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.