thumbnail

By

Published : Apr 11, 2023, 10:51 PM IST

ETV Bharat / Videos

Rohingya Intruders arrested: ত্ৰিপুৰাত 5 বাংলাদেশী ৰোহিংগীয়া গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 11 এপ্ৰিল : পুনৰ ভাৰতৰ ভূমিত ৰোহিংগীয়াৰ অনুপ্ৰৱেশ (Rohingya Intruders arrested) ৷  সোমবাৰে বিয়লি ত্ৰিপুৰাৰ খোয়াই জিলাৰ ত্ৰিশাবাৰীস্থিত ৰে’ল ষ্টেচনৰ চৌহদৰ পৰা শিশুসহ ৫ ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক বি এছ এফৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Rohingya Intruders arrested in Tripura)৷ ইয়াৰ পিচতে বি এছ এফৰ চোৰাংচোৱা শাখাৰ জোৱানসকলে ধৃত লোককেইজনক তেলিয়ামুৰা ৰে’ল আৰক্ষীক গতাই দিয়ে । 

আৰক্ষীৰ জেৰাত দলটোৱে জানিবলৈ দিয়া মতে বিশালগড় সীমান্ত অঞ্চল অতিক্ৰম কৰি ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল দলটোৱে ৷ দলটোৰ গন্তব্যস্থান আছিল বেংগালুৰু ৷ ধৃত লোককেইগৰাকী হ’ল- মহম্মদ ৰশিদ, পাৰমিন বেগম, মহম্মদ উসমান, খাইৰুল আমিন সহ এটি ২ বছৰীয়া শিশু ৷ দলটোৱে নিজকে বাংলাদেশী ৰোহিংগীয়া বুলি পৰিচয় দিয়ে ৷ 

লগতে পঢ়ক: Infant body recovered: ত্ৰিপুৰাৰ খোয়াই চিকিৎসালয়ৰ ডাষ্টবিনত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.