5 poachers detained: বন্যপ্ৰাণীৰ অংগসহ 5 চোৰাং চিকাৰীক আটক - 5 poachers detained along with animals body part

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:27 PM IST

বাক্সা, 8 চেপ্টেম্বৰ : চোৰাং চিকাৰীৰ কবলত বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণী হত্যাত জড়িত পাঁচটা চোৰাং চিকাৰীক বন বিভাগক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে বন বিভাগে চোৰাং চিকাৰী কেইটাৰ বাসগৃহৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, এটা গঁড়ৰ খৰ্গ, গঁড়ৰ নখ, ছাল, বাঘৰ নখ, বনৰৌৰ ছাল, পহুৰ শিং, ম'হৰ শিং আদি বিভিন্ন বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ জব্দ কৰে  ৷ 

মানাহৰ বাঁহবাৰী ৰেঞ্জত আয়োজিত এক সংবাদমেলত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) সন্দীপ কুমাৰ আৰু মানাহৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীয়ে সদৰী কৰা অনুসৰি, মানাহৰ বাঁহবাৰী ৰেঞ্জৰ কাহিটামা বীটৰ সমীপৱৰ্তী চামথাইবাৰী গাঁৱৰ লাথা বড়োৰ ঘৰত অভিযান চলাই বন্দুকৰ লগতে বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগবোৰ জব্দ কৰে ৷

তাৰ পিচতে ৰহেন বসুমতাৰী, মহেন বসুমতাৰী, বিজয় বসুমতাৰী আৰু থেৰা দৈমাৰীসহ পাঁচটা চিকাৰীক আটক কৰে ৷ ধৃত চিকাৰীকেইটাক সম্প্ৰতি অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰখা হৈছে ৷ 

উল্লেখযোগ্য যে, বিগত কেইটামান মাহতে মানাহত ভালেকেইটা গঁড় নিধনৰ ঘটনা পোহৰলৈ আহিছিল, যিবোৰক পৰস্পৰৰ মাজত হোৱা যুঁজত মৃত্যু হোৱা বুলি পূৰ্বতে বন বিভাগে প্ৰকাশ কৰিছিল, কিন্তু এই গঁড়ৰ খৰ্গ উদ্ধাৰৰ ঘটনাই মানাহত চোৰাং চিকাৰী সক্ৰিয় হৈ থকাটোকে প্ৰতীয়মান কৰিছে ৷

লগতে পঢ়ক: Burmese supari seized at Merapani : সৰবৰাহকাৰীসহ মেৰাপানী সীমান্তত জব্দ বাৰ্মিজ চুপাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.