thumbnail

All Assam Sawra Samaj:সদৌ অসম চাওৰা সমাজৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 1:51 PM IST

তিনিচুকীয়া, ৪ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বৰডুবি চাহ বাগিচাৰ ৩ নং দলং লাইন মুখ্য খেলপথাৰ (দীননাথ চাওৰা সমন্বয় ক্ষেত্ৰ)ত সদৌ অসম চাওৰা সমাজৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰা হৈছে । ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ পৰা অহা প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিছে ।

প্ৰথম দিনা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পাচতেই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু কেন্দ্ৰীয় প্ৰতিনিধি সভা অনুষ্ঠিত হয় । ৫ নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ’ব মুকলি সভা । মুকলি সভাত ৰাজ্য চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে জাতীয়-জনগোষ্ঠীয় বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকিব । অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ এক অংগ চাওৰা সমাজৰ ভাষা, ৰীতি-নীতি, কলা-সংস্কৃতি আদি বিকাশ তথা প্ৰচাৰৰ বাবে এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে ইয়াত ।

লগতে পঢ়ক : An exemplary work of school kids : এক অভিনৱ পদক্ষেপৰে আদৰ্শ হৈ উঠা এখন স্কুলৰ শিক্ষাৰ্থীসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.