Intoxicating tablets seized: নলবাৰীত নিচাজাতীয় টেবলেটসহ তিনি সৰবৰাহকাৰীক আটক - Drug Peddler Arrested
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 9:35 PM IST
নলবাৰী,১১ নৱেম্বৰ: নলবাৰীৰ সূতাৰকুছিত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট । আদাবাৰী পহৰা আৰক্ষী চকীৰ সহযোগত মুকালমুৱা আৰক্ষীয়ে সূতাৰকুছিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি জব্দ কৰাৰ লগতে তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । এক গোপন সূত্ৰৰ পম খেদি সূতাৰকুছি গাঁৱৰ তপন মহন্তৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান ।
তপন মহন্তৰ বাসগৃহত গৰু বন্ধা চালি এখনৰ তলত মাটিৰ তলত পুতি থোৱা অৱস্থাত জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি । মুঠ ৩৮,৮৮০ টা নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে ৩ টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে তপন মহন্ত, ছাদ্দাম হুছেইন আৰু দীপু মহন্ত । জব্দ কৰা নিচাযুক্ত টেবলেটখিনিৰ ক'লা বজাৰৰ মূল্য প্ৰায় ১০ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে । ধৃত সৰবৰাহকাৰীকেইটাই হাজাৰ হাজাৰ নিচাজাতীয় টেবলেট গোপনে মজুত ৰাখি অঞ্চলটোত দীৰ্ঘদিনৰে পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ।
লগতে পঢ়ক: Drugs Seized: বাছেৰে সহজে ইখনৰ পৰা সিখন ৰাজ্যলৈ সৰবৰাহকাৰীয়ে সৰবৰাহ কৰিছে ড্ৰাগছ !