Child marriage in Assam : বিলাসীপাৰাত বাল্য বিবাহৰ লগত জড়িত স্বামীসহ তিনিজনক গ্ৰেপ্তাৰ - Child marriage
🎬 Watch Now: Feature Video
Published : Sep 20, 2023, 3:09 PM IST
বিলাসীপাৰা, 20 ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বুধবাৰে সাপটগ্ৰাম আৰক্ষীৰ অভিযানত ভেলাকোপা তৃতীয় খণ্ড গাঁৱৰ পৰা সাপটগ্ৰাম আৰক্ষীয়ে বাল্য বিবাহৰ লগত জড়িত স্বামীসহ তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, সাপটগ্ৰাম থানাত এই সন্দৰ্ভত 78/2023 IPC 376/365 নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈ আছিল। এই গোচৰৰ ভিত্তিতেই সাপটগ্ৰামৰ ভেলাকোপা তৃতীয় খণ্ড গাঁৱৰ পৰা একেটা পৰিয়ালৰ তিনিজন পিতা, পুত্ৰ আৰু খুড়াকক গ্ৰেপ্তাৰ কৰে ৷
আটকাধীন তিনি ক্ৰমে স্বামী ছহিদুৰ ৰহমান, পিতা আব্দুল কৰিম আৰু খুড়া কাছেম আলী বুলি জানিব পৰা গৈছে। তিনিওকে সাপটগ্ৰাম থানাৰ গোচৰ নম্বৰ 78/2023 U/S - 120(B)/365/376 IPC , R/W SEC- 9/10/11/ THE PCM ACT 2006 AND R/W SEC- 6 OF POCSO ACT ত বুধবাৰে পুৱা 10 বজাত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইয়াৰ পিচতে আৰক্ষীয়ে বাল্য বিবাহৰ লগত জড়িত থকা পলাতকৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Lat Mandal arrested in Assam: লখিমপুৰত মাটি ম্যাদীৰ নামত ১ লাখ টকা লৈ গ্ৰেপ্তাৰ লাট মণ্ডল