Accused fled from custody: মুঠি ঢিলা হ’ল; আৰক্ষীৰ জিম্মাৰ পৰা পলাল 3 অভিযুক্ত - আৰক্ষীৰ জিম্মাৰ পৰা পলাল 3 অপৰাধী
🎬 Watch Now: Feature Video
নলবাৰী/তিতাবৰ, 2 এপ্ৰিল: হায় অসম আৰক্ষী ! দেওবাৰে ৰাজ্যৰ দুখন ঠাইত আৰক্ষীৰ চকুত ধূলি দি পলাই পত্ৰং দিলে তিনি আচামীয়ে (3 Accused Escaped From police) ৷ প্ৰথমতে নলবাৰী জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক নলবাৰী অসামৰিক হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যাওঁতেই হেণ্ডকাফসহ পলায়ন কৰে দুই আচামীয়ে ৷
জানিব পৰামতে, আৰক্ষীয়ে এতিয়ালৈ এজনক ধৰিবলৈ সক্ষম হয় যদিও আন এজন বৰ্তমানেও পলাতক অৱস্থাত আছে (Accused Escaped From police in Nalbari) ৷ চুৰি আৰু ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আচামী দুটা ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱাৰ সময়তে দেৱাল পাৰ হৈ পলায়ন কৰে দুয়োটা অপৰাধীয়ে ৷ পলায়ন কৰা এটা অপৰাধীৰ নাম ৰিতুল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
ইফালে দেওবাৰে মেৰাপানীৰ অসম নগালেণ্ড সীমাৰ চি আৰ পি এফ শিবিৰৰ সমীপৰ পৰা চি আৰ পি এফে ড্ৰাগছসহ আচিক আলী নামৰ এটা অপৰাধীক আটক কৰিছিল (Accused Escaped From police at Merapani) ৷ উল্লেখ্য যে, প্লাষ্টিকৰ টেমাত হেৰ’ইন ভৰাই অনা অৱস্থাত আটক কৰা হৈছিল সৰবৰাহকাৰীকটোক ৷
আৰক্ষীয়ে হেণ্ডকাফ লগাই থানাৰ ভিতৰত বহুৱাই থোৱা অৱস্থাৰ পৰা আচিক আলীয়ে হেণ্ডকাফ খুলি পলায়ন কৰে ৷ ইতিমধ্যে মেৰাপানী আৰক্ষীয়ে পলাতক আচামীটোক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Pilgrims vehicle crashes: তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ৩ গৰাকী আহত 41 গৰাকী