Boy drowned in river: শিংৰা নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন যুৱক

By

Published : Jun 19, 2023, 6:27 PM IST

thumbnail

বকো,19 জুন : বকোৰ শিংৰা নৈত সন্ধানহীন এজন যুৱক । শিংৰা নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন হ’ল যুৱকজন । বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ কৰা হৈছে যুৱকজনক ৷ সন্ধানহীন যুৱকজন বকো হাহিমৰ মনোজ ৰাভা বুলি জানিব পৰা গৈছে । ইফালে ঘটনাস্থলীত বকো আৰক্ষী আৰু SDRFৰ লোক উপস্থিত হয় । 

সন্ধানহীন যুৱকজনৰ পৰিয়ালৰ লোকে জনোৱা মতে -‘দেওবাৰে নিশা ঘৰৰ পৰা শিংৰা গাঁৱত থকা বন্ধুৰ ঘৰলৈ আহিছিল মাছ মাৰিবলৈ । সোমবাৰে পুৱা প্ৰায় ৫ মান বজাত বন্ধুৰ ঘৰৰ পৰা শিংৰা নৈত মাছ মাৰিবলৈ গৈছিল সি ।’ ইফালে সোমবাৰে দিনৰ প্ৰায় 10 মান বজাত যুৱকজন সন্ধানহীন হোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে । তাৰ পাচতেই স্থানীয় ৰাইজে সন্ধানহীন যুৱকজনৰ সন্ধান বিচাৰি আৰম্ভ কৰিছিল অভিযান ৷ ইতিমধ্যে SDRF ৰ ডুবাৰুৱে শিংৰা নৈত চলাইছে অভিযান । 

লগতে পঢ়ক:Gurbani From Sri Darbar Sahib : শ্ৰীদৰবাৰ চাহিব গুৰুবাণী সম্প্ৰচাৰ সন্দৰ্ভত পঞ্জাব চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.