thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:22 PM IST

ETV Bharat / Videos

Landslide in Guwahati : প্ৰকাণ্ড শিল বাগৰি গুৱাহাটীত আঘাতপ্ৰাপ্ত 2 জন

গুৱাহাটী, 7 অক্টোবৰ: মূষলধাৰ বৰষুণৰ মাজতে শনিবাৰে পুৱাৰ ভাগত হেঙেৰাবাৰী 2 নং মিলন নগৰত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল বাগৰি মোহন ৰাজবংশী নামৰ লোক এজনৰ ঘৰত পৰাৰ ঘটনাই অঞ্চলজুৰি বৃদ্ধি কৰিছে আতংক ৷ শনিবাৰৰ পুৱা প্ৰায় 7.30 বজাত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনাটো । 

প্ৰচণ্ড জোৰেৰে বাগৰি অহা শিলটো মোহন ৰাজবংশীৰ ঘৰৰ এটা অংশত বাগৰি পৰে । তেনে সময়ত প্ৰাণৰ মমতাত মোহন ৰাজবংশী আৰু তেওঁৰ পত্নীয়ে কণমানি সন্তানক লৈ বাহিৰলৈ ওলাই অহাৰ সময়ত ঘৰৰ টিনত লাগি দুয়োগৰাকী কম-বেছি পৰিমাণে আঘাত প্ৰাপ্ত হয় । পিছত স্থানীয় ৰাইজে আঘাত প্ৰাপ্ত দুয়োজন লোকক হাস্পতালত ভৰ্তি কৰোৱায় । 

স্থানীয় লোকে জানিবলৈ দিয়া মতে, বৰ্তমানো বিপদসংকুলভাৱে ওলমি আছে প্ৰকাণ্ড শিলটো।

লগতে পঢ়ক: Flood in Assam : বানৰ কবলত টিফুক চাহ বাগিচা, বাঢ়নী পানীত ডুব গ’ল ঘৰ দুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.