দহ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিক আদৰিবলৈ সাজু আছুৰ মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতি
🎬 Watch Now: Feature Video
মৰিগাঁও, 20 নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলীত উলহ-মালহ পৰিৱেশ ৷ 21 নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় মৰিগাঁও অধিৱেশন ৷ ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে আদৰণি সমিতিয়ে ৷
মৰিগাঁও জিলা ছাত্ৰ সন্থা, মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰিগাঁও জিলাবাসীৰ অভিভাৱকত্বত ৰাজ্যখনৰ দহ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি ৷ ইতিমধ্যে তিনিও দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে ড৹ প্ৰশান্ত খাউণ্ড, ভদ্ৰেশ্বৰ ডেকাৰ নেতৃত্বত সমবেত বৰগীত, শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক সমবেত সংগীতৰ আখৰা সামৰা হৈছে ৷
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দহ হাজাৰ প্ৰতিনিধি থকাৰ বাবে শিবিৰৰ লগতে, দুহেজাৰ প্ৰতিনিধিয়ে একেলগে আহাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে মৰিগাঁও ছাত্ৰ সন্থাই ৷ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে তদাৰক কৰিছে নিৰাপত্তা দিশটো ৷
সমান্তৰালকৈ শ্বহীদ গজেন ইংতি, পুতুল শইকীয়াৰ আৱক্ষ মূৰ্তিত শেষ পৰশ দিছে স্থাপত্য শিল্পী মণি বৰদলৈয়ে ৷ শিল্পী দিগন্ত শইকীয়াই পতাকা উত্তোলনথলী সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে ৷ ৰাজু দাসে সাজি উলিয়াইছে অধিৱেশনৰ মূল তোৰণ ৷
লগতে পঢ়ক : ৰাজাখানা গাঁও পঞ্চায়তত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন