thumbnail

By

Published : Oct 2, 2022, 8:03 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / Videos

১৫০ টা পৰিয়ালক ৭৪০ বিঘা ভূমিৰ অধিকাৰ প্ৰদান ৰাজ্য চৰকাৰৰ

ৰাজ্যজুৰি পূজাৰ উলহ মালহৰ মাজতেই টিংখাঙৰ লাচিত নগৰৰ বাংলাবাৰীবাসীলৈ সুখবৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে উচ্ছেদ অভিযান চলাই থকা সময়তে যুগ যুগ ধৰি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত জোকতলি চাহ বাগিচাৰ দখলীকৃত ভূমিত বাস কৰি থকা বাংলাবাৰী ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰে (150 families given 740 bighas of land) ৷ দেওবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ (Minister Bimal Bora) বাসগৃহত অনুষ্ঠিত এক সভাত মন্ত্ৰী বিমল বড়াই মিচন বসুন্ধৰা আঁ‌চনিৰ (Mission Basundhara 2022) অধীনত প্ৰায় ১৫০ টা পৰিয়ালক ৭৪০ বিঘা ভূমিৰ নামজাৰি কৰি দিবলৈ সক্ষম হৈছে ৷ বাংলাবাৰী ৰাইজে এই খবৰ লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ অসম চৰকাৰক আৰু মন্ত্ৰী বড়াক ধন্যবাদ জ্ঞাপন কৰে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.