Foundation day of NSCA: নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন - পদ্মকণ্ঠ
🎬 Watch Now: Feature Video

শিৱসাগৰ জিলাত মঙলবাৰে অনুষ্ঠিত হয় নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস (Namti Senior Citizens Association) ৷ দিনজোৰা কাৰ্যসূচীৰে নামতি চাৰিআলি মেট্ৰ’ ক্লাৱ প্ৰাংগণত অনুষ্ঠিত হয় এই ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি । পুৱা পতাকা উত্তোলনৰ পিছতেই এখনি মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাতেই নামতি অঞ্চলৰ বিশিষ্ট শিক্ষক প্ৰয়াত পদ্মধৰ গগৈৰ ডায়েৰীৰ প্ৰথম খণ্ড "পদ্মকণ্ঠ" নামৰ গ্ৰন্থখন শুভ উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি উন্মোচন কৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ প্ৰবক্তা মোহিনী কুমাৰ মহন্তই । অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়া, বিশিষ্ট সমাজকৰ্মী সঞ্জয় গগৈ, দুলেন হাজৰিকাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । আজি মুকলি সভাত সম্প্ৰতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰে নামতিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে ৷ সভাত সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়াই ভাষণ দি থকা সময়ত আজানৰ শব্দ শুনি প্ৰায় ৫ মিনিট মান ভাষণ স্থগিত ৰাখি আজান শেষ হোৱাৰ পাছত পুনৰ ভাষণ আৰম্ভ কৰে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST