Assam computer teacher: কেতিয়া নিয়মীয়া হ’ব ৰাজ্যৰ 1346 গৰাকী কম্পিউটাৰ শিক্ষকৰ চাকৰি ? - Assam High school computer teacher

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2023, 5:00 PM IST

বৰপেটা, ৩ জুন: কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শীঘ্ৰেই আন্দোলনত নামিব কম্পিউটাৰ শিক্ষক সন্থা ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত কৰ্মৰত হৈ আছে 1346 গৰাকী কম্পিউটাৰ শিক্ষক (Assam High school computer teacher) ৷  

শনিবাৰে বৰপেটাত এক সংবাদমেলযোগে কম্পিউটাৰ শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ লগতে দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীৰে আন্দোলনত নামিবলৈ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে (Assam computer teacher to hold protest) ৷ উল্লেখ কৰা প্ৰয়োজন যে 2014 চনৰ পৰাই এই ঠিকাভিত্তিক শিক্ষকসকলে মাহিলী 14 হাজাৰ টকাৰ মাহিলী মাননীৰে হাইস্কুলসমূহত কৰ্মৰত হৈ আছে ৷  

কেবিনেটত এই কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে 2017 চনতে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও আজিলৈকে সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা নহ’ল বুলি ক্ষোভ উজাৰে কম্পিউটাৰ শিক্ষক সন্থাই ৷ কেবিনেটে পূৰ্বে গ্ৰহণ কৰা সেই সিদ্ধান্ত শীঘ্ৰেই কাৰ্যকৰী কৰাৰ বাবেও দাবী জনায় কম্পিউটাৰ শিক্ষকসকলে ৷  

লগতে পঢ়ক: Encroachment in Graveyard at Barpeta : বৰপেটা চহৰত এইবাৰ কবৰস্থানত চকু ভূ-মাফিয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.