thumbnail

By

Published : Aug 4, 2023, 6:48 PM IST

ETV Bharat / Videos

Forest Encroachment: শোণিতপুৰত 1301 টা বেদখলকাৰী পৰিয়ালক ভূমিৰ আবণ্টন

তেজপুৰ, 4 আগষ্ট : ‘‘বন আইন সম্পূৰ্ণৰূপে উলঙ্ঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমি গতাই দিয়া হৈছে বেদখলকাৰীক । ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আবেদন কৰি থকাসকলৰ নথিত বেদখলকাৰী বুলি স্পষ্টকৈ উল্লেখ থকা স্বত্বেও জিলাখনৰ 1301 টা বেদখলকাৰী পৰিয়ালক চৰকাৰীভাৱে বনাঞ্চলৰ ভূমি আবণ্টন দিয়া হৈছে ।’’ শুক্ৰবাৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন সভা কক্ষত এক সংবাদমেল আয়োজন কৰি দহ হেজাৰ এনে নথিৰ প্ৰতিলিপিসহ এই তথ্য প্ৰকাশ কৰে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে ।

দেশৰ বন আইন উলঙ্ঘা কৰি চৰকাৰী ভাবেই কৰা এনে নিয়মৰ বিৰুদ্ধে তেওঁ আগষ্ট মাহৰ ভিতৰতে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও সংবাদমেলত ঘোষণা কৰে নাথে । বন আইন অনুসৰি, বন ভূমিত 75 বছৰ ধৰি বসবাস কৰা লোককহে ভূমিৰ অধিকাৰ দিব লাগে যদিও শোণিতপুৰত সোনাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি 2012 চনত হাতে লিখা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত এজেণ্টৰ দ্বাৰা লাভ কৰা আবেদনকাৰীৰ নথিৰ ভিত্তিত বন ভূমিৰ আবণ্টন দিয়াৰ ঘটনা সংঘটিত হৈছে ।

আৰ টি আই কৰ্মী নাথে অভিযোগ উত্থাপিত কৰে যে এক মাত্ৰ জালিয়াতিৰে ঢেকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ ভোট বেংকৰ স্বাৰ্থতে এই বেদখলকাৰীসকলক ভূমিৰ আবণ্টন প্ৰদান কৰা হৈছে ৷ 

লগতে পঢ়ক : Teacher appointment scam: শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.