Poisonous mushrooms reaction: সাপেখাতীত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৩ গৰাকী - সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 26, 2023, 7:56 AM IST

Updated : May 26, 2023, 12:04 PM IST

ডিব্ৰুগড়, ২৬ মে’: চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত বৃহস্পতিবাৰে বনৰীয়া কাঠফুলা খাই ১৩ গৰাকীকৈ লোক অসুস্থ হয় (Consuming poisonous mushrooms at Charaideo) ৷ অসুস্থ আটাইকেইগৰাকী লোক সাপেখাতী কুঁৱৰী পথাৰ আৰু বগাবাঘ অঞ্চলৰ । কুঁৱৰী পথাৰৰ একেটা পৰিয়ালৰে ধনীৰাম কৰ্মকাৰ (২৪), শংকৰ কৰ্মকাৰ (৪০) মমতা কৰ্মকাৰ (২৪), হেমন্ত কৰ্মকাৰ (২৪), মংলী কৰ্মকাৰ (৩০), গণেশ কৰ্মকাৰ (১৭), অখিল কৰ্মকাৰ (৮) আৰু পৰিস্মিতা কৰ্মকাৰ (৬) বনৰীয়া কাঠফুলা খাই অসুস্থ হৈ পৰে (Mushroom poisoning) ।

আনহাতে বগাবাঘ অঞ্চলৰ বনৰীয়া কাঠফুলা খাই অসুস্থ হৈ পৰা লোককেইগৰাকী ক্ৰমে নন্ মুড়া, পিংকী মুড়া, বেলমনী মুড়া, লক্ষী মুড়া আৰু অজয় মুড়া (Consuming Poisonous Mushrooms) । পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পাচতে অত্যাধিক শৌচ বমি হোৱাত আটাইকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ কিন্তু তেওঁলোকৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পাচত আটাইকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: Poisonous mushrooms reaction : বিষাক্ত কাঠফুলাৰ বাবেই নিঠৰুৱা হৈ পৰিল এটি আঠমহীয়া দেৱশিশু

Last Updated : May 26, 2023, 12:04 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.