128 সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ; লোকাৰণ্য মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰ
🎬 Watch Now: Feature Video
Published : Dec 15, 2023, 9:22 AM IST
মাণিকপুৰ, 15 ডিচেম্বৰ : লোকাৰণ্যত পৰিণত মাণিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰ । মহাপুৰুষ শ্ৰীশ্ৰী কৃষ্ণানন্দ দেৱৰ 128 সংখ্যক জন্মজয়ন্তী উপলক্ষে মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 128 সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ । এই মহোৎসৱত প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰায় লক্ষাধিক ভক্তৰ সমাগম হয় । সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ উপলক্ষে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই ভিৰ কৰেহি ৷
অসম তথা উত্তৰবংগৰ মিলন ভূমি হিচাপে পৰিচিত গোবিন্দ ভৱন গীতা সত্ৰত বৃহস্পতিবাৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত গুৰুজনাৰ প্ৰতিচ্ছবি লৈ ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷ বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰৰ সত্ৰাধিকাৰ কৰুণাকান্ত নাথে উদ্বোধন কৰা শোভাযাত্ৰাত ভাগৱত ধৰে অসম গ্ৰামীণ বিকাশ বেংক হাজো শাখাৰ জ্যেষ্ঠ বিষয়া অনিমেশ্বৰ কলিতাই ।
মাণিকপুৰ গোৱিন্দ ভৱন গীতা সত্ৰৰ পৰা আৰম্ভ কৰা শোভাযাত্ৰাত নাম প্ৰসংগৰে মাণিকপুৰ অঞ্চল মুখৰিত কৰি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে । উৎসৱস্থলীত পুৱাৰ পৰা অহোৰাত্ৰ অখণ্ড নাম কীৰ্তন, নাম-প্ৰসংগ, অষ্টপ্ৰহৰ নাম যজ্ঞ অনুষ্ঠিত হয়।
লগতে পঢ়ক: 16 ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ অষ্টম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা