Fraudster Arrested : ভুৱা নথিৰে পাচপৰ্ট লাভ কৰি আৰক্ষীৰ জালত এজন
🎬 Watch Now: Feature Video
ডিফু, 5 অক্টোবৰ : ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি পাচপৰ্ট লাভ কৰাৰ অভিযোগত এজন লোকক আটক কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে সন্ধিয়া ডিফু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰী কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মনে ৷
অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি খটখটী থানা এলেকাৰ লাহৰিজানৰ বাসিন্দা মৃত আব্দুল মালেকৰ পুত্ৰ মইদুল ইছলামে পাচপৰ্টৰ বাবে আবেদন কৰিছিল ৷ পৰৱৰ্তী পৰ্যায়ত যাৱতীয় পৰীক্ষণৰ যোগেদি পাচপৰ্ট লাভ কৰিবলৈ সক্ষম হৈছিল মইদুল ইছলামে ৷
ডিফুৰ এজন লোকে এই সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে মইদুল ইছলামক ৷ মইদুল ইছলামে ভুৱা লিগেছি ব্যৱহাৰৰ কৰাৰ লগতে পাচপৰ্টৰ বাবে দাখিল কৰা নথি-পত্ৰ ভুৱা আছিল বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ অৱশ্যে মইদুল ইছলামে নথি পৰীক্ষণ কৰোৱা বিষয়টোৰ ওপৰত তদন্ত অব্যাহত আছে বুলি কয় আৰক্ষী বিষয়া গৰাকীয়ে ৷ ধৃত মইদুল ইছলাম বৰ্তমান ডিমাপুৰৰ বাৰ্মা কেম্পত থাকে যদিও তেওঁৰ ঠিকনা খটখটী থানা এলেকাৰ জৰ টকবী গাঁৱৰ পাক্কা ফিল্ডৰ ওচৰত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Protest in Tinsukia: তিনিচুকীয়াত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ