মাজুলী উপ নিবাৰ্চনৰ পাচতে বিৰোধী অস্তিত্বহীন হ'ব বুলিও কয় মন্ত্ৰী : যোগেন মহন - ৰাজহ বিভাগত মন্ত্ৰী যোগেন মহন
🎬 Watch Now: Feature Video
পৌৰসভা নিৰ্বাচনৰ সমান্তৰালভাৱে মাজুলীৰ উপ নিবাৰ্চন(Majuli by election 2022)ক লৈ ক্ৰমাৎ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ উঠিছে । শাসক দলৰ সমান্তৰালভাৱে বিৰোধী ৰাজনৈতিক দলসমূহেও পৌৰসভাত নিজৰ দলীয় স্থিতি সবল কৰিবলৈ চেষ্টা কৰা সময়ত আজি অৰ্থাৎ বৃহস্পতিবাৰে মৰাণত ৰাজহ বিভাগত মন্ত্ৰী যোগেন মহনে কয় যে, উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত পৌৰসভা নিবাৰ্চনত ৰাইজে ভোট দিব বিজেপিক । মন্ত্ৰীগৰাকীৰ গৃহ জিলা চৰাইদেউৰ লগতে ৰাজ্যৰ সকলো পৌৰসভাত বিজেপিৰ জয় হ'ব বুলিও মন্তব্য কৰে । কাৰণ চৰকাৰৰ ন মাহৰ কামকাজ দেখিছে ৰাইজে । লগতে তেওঁ কয় যে, মাজুলী উপ নিবাৰ্চনত বিৰোধী প্ৰতিদ্বন্দীতা লৈ নাহে । মাজুলীত বিপুল ভোটত জয়লাভ কৰিব বিজেপি প্ৰাৰ্থী । মাজুলী উপ নিবাৰ্চনৰ পাচতে বিৰোধী অস্তিত্বহীন হ'ব বুলিও কয় মন্ত্ৰী যোগেন মহনে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST