Assam Municipal Election 2022 : মৰাণত মন্ত্ৰী যোগেন মহনৰ নিৰ্বাচনী প্ৰচাৰ
🎬 Watch Now: Feature Video
অন্ত পৰিল পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য (Assam Municipal Election 2022) ৷ শুকুৰবাৰে মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ পৌৰসভা এলেকাত স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহন উপস্থিত হৈ 11 টা ৱাৰ্ডৰ প্ৰাৰ্থী সকলক লগত লৈ একত্ৰিতভাৱে প্ৰতিটো ৱাৰ্ডত ঘৰে ঘৰে তথা মৰাণ পৌৰ সভা এলেকাৰ দোকান সমূহতো প্ৰচাৰ চলায় (Minister Jogen Mohan campaigns for Minicipal poll)। এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত ‘‘কংগ্ৰেছৰ দুবন্ত নাওঁত এতিয়া ৰাইজ নুঠে ’’ বুলি মন্তব্য কৰে (Minister Jogen Mohan criticize Congress) ৷ উল্লেখ্য যে, মৰাণৰ পৌৰসভাৰ 11 ৱাৰ্ডত ভিতৰত 10 টা ৱাৰ্ডত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব ৷ লগতে 1 টা ৱাৰ্ডত মিত্ৰদল অসম গণ পৰিষদে প্ৰতিন্দদ্বিতা কৰিব ৷
Last Updated : Feb 3, 2023, 8:18 PM IST