Massive fire at Kakopothar: অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা দুই বয়োজ্যেষ্ঠৰ

By

Published : Feb 12, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

কাকপথাৰত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Kakopothar) ৷ কাকপথাৰ আৰক্ষী থানাৰ অন্তগত কাকপথাৰ শান্তিপুৰত নিশা ১বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত অমৃত বৰগোহাঁই আৰু মাধুয্য ফুকন নামৰ ব্যক্তি দুজনৰ দুয়োখন গেলামালৰ দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৷ অমৃত বৰগোহাঁইৰ দোকানত প্ৰায় ৫ লাখ টকাৰ সামগ্ৰী জ্বলি নষ্ট হোৱাৰ বিপৰীতে মাধুয্য ফুকনৰ দোকানতো সমসংখ্যক সামগ্ৰী জ্বলি নষ্ট হোৱা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, অমৃত বৰগোহাঁইৰ গেলামাল দোকানত অমৃতৰ বৃদ্ধ পিতৃ-মাতৃ শুই আছিল ৷ অৱশ্যে জুইৰ পৰা কথমপি ৰক্ষা পৰে দুয়োগৰাকী বয়োজ্যেষ্ঠ ৷ নিশাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও তেতিয়ালৈকে সম্পূৰ্ণ ৰূপে জ্বলি ভস্মীভূত হয় দুয়োখন গেলামাল দোকান ৷

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.