শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনে সমন্বয়ৰ বাৰ্তা দিব : কমলাকান্ত গগৈ

By

Published : Feb 27, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে (Srimanta Sankardev Sangha Padadhikari Kamalakanta Gogoi) দেওবাৰে লক্ষ লক্ষ ভকতৰ জয়ধ্বনিৰ মাজেৰে সংঘৰ মূল পতাকাখন উত্তোলন কৰে । অধিৱেশনৰ চৌহদত শংকৰ সংঘৰ ৫৪ খন শাখা পতাকা প্ৰথম দিনাৰে পৰাই উত্তোলন হৈ আছে যদিও আজি মূল পতাকাখন আধ্যাত্মিক পৰিৱেশৰ মাজত মুকলি কৰাৰ পাছতে আৰম্ভ হয় তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী (Last day of 91st annual session of srimanta sankardev sangha) । সংঘৰ পতাকাখন উত্তোলন কৰি পদাধিকাৰ কমলাকান্ত গগৈয়ে দুটা বছৰ ক'ভিড পৰিস্থিতিৰ পাছত অনুষ্ঠিত সংঘৰ অধিৱেশনে (Sankar Sangha Adhiveshan at Naharkatia) বিশ্ববাসীৰ বাবে এক সমন্বয় বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা ব্যক্ত কৰে ৷ তেওঁ এক নাম ধৰ্মক বিশ্বাস কৰি সকলোকে একগোট হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.