পুত্ৰ হ'লগৈ বিধায়ক কিন্তু চাফাই কৰ্মী মাতৃয়ে পাহৰা নাই নিজৰ কৰ্ম

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2022, 4:12 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

"কামত কোনো সৰু-বৰ নাই" তাকেই প্ৰমাণ কৰিলে পঞ্জাৱৰ এগৰাকী মহিলাই ৷ সদ্য ঘোষিত ৰাজ্যখনৰ বিধানসভা নিৰ্বচনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী লাভ সিং উগোকেৰ মাতৃৰ কাহিনী এয়া ৷ বিধায়ক লাভ সিং উগোকেৰ মাতৃ পঞ্জাৱৰ এখন চৰকাৰী বিদ্যালয়ত চাফাই কৰ্মী হিচাপে নিয়োজিত হৈ আছে ৷ বিগত 10 মাৰ্চত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Punjab Election Results 2022) অনুসৰি লাভ সিং উগোকেয়ে (AAP candidate Labh Singh Uggoke) পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীক ভদৌড়ৰ আসনত 37,000 আসনতকৈও অধিক ভোটত পৰাস্ত কৰি বিজয়ী হয় ৷ পিছে পুত্ৰ বিধায়ক হ’লেও নিজ কৰ্তব্য পাহৰি নগ’ল মাতৃয়ে ৷ ফলাফলৰ পিছদিনা অৰ্থাৎ 11 মাৰ্চৰ দিনা ৰাতিপুৱা হাতত ঝাড়ু লৈ পুনৰ চাফাই কামত নিয়োজিত হ’ল মাতৃ বলদেৱ কৌৰ ৷ মন কৰিব লগীয়া যে, আম আদমী পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী লাভ সিং উগোকেও এখন মোবাইল মেৰামতি কৰা দোকানত কাম কৰিছিল ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.