বিদেশত কুশলে আছেনে অসমীয়া -3 - বিদেশত কুশলে আছেনে অসমীয়া
🎬 Watch Now: Feature Video
COVID 19 এ সৃষ্টি কৰা বিশ্ব মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত পৃথিৱীৰ চুকে কোণে সিঁচৰতি হৈ থকা অসমীয়া লোকসকল কেনে আছে ! কুশলে আছেনে তেওঁলোক ! জীৱিকা সূত্ৰে, অধ্যয়ন সূত্ৰে বা যিকোনো কাৰণতে বিশ্বৰ ভিন-ভিন প্ৰান্তত বসবাস কৰি অহা সেইসকল লোক এই সময়ত কেনেকৈ আছে সেই খবৰ ৰাইজক জনোৱাৰ উদ্দেশ্যে ই টি ভি ভাৰতৰ এই বিশেষ অনুষ্ঠান । আজি এই অনুষ্ঠানত আমি লৈ আহিছো ইউৰোপৰ পৰা লতিকা দাসক ৷ লতিকা দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ এগৰাকী গৱেষক ৷ নিজৰ গৱেষণা কামৰ বাবে ইউৰোপৰ ইস্তোনিয়াত আছে ছাত্ৰীগৰাকী ৷ ইস্তোনিয়াৰ ইউনিভাৰ্ছিটী অফ টাৰ্টোত গৱেষণা কৰি আছে লতিকা দাসে ৷ কেনে আছে লতিকা দাস ? কি কৰি আছে তেওঁ এই জটিল সময়ত, আহক শুনো তেওঁৰ মুখেৰেই.....