Firing at Chirang: চিৰাঙত দুৰ্বৃত্তৰ গুলীত মহিলা নিহত - Miscreant firing in Panbari

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 12, 2022, 8:32 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত এনচি কাহিতমাত দুৰ্বৃত্তৰ গুলীত অন্তৰ বড়ো (৬৫) নামৰ এগৰাকী মহিলা নিহত হয় (Woman killed in shooting in Chirang)। বাক্সা- চিৰাং জিলাৰ সীমামূৰীয়া পানবাৰী থানাৰ অন্তৰ্গত এন চি কাহিতামাত (বৈগৰীগুৰী) শুক্ৰবাৰে সন্ধিয়া গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল ৷ অন্তৰ বড়োৰ স্বামী মেব্ৰো বড়োই উল্লেখ কৰা মতে অচিনাক্ত দুজন লোকে মটৰ চাইকেলেৰে আহি তেওঁক গুলীয়াই পলায়ন কৰে (Miscreant firing in Panbari) ৷ উল্লেখ্য যে নিহত মহিলাগৰাকীৰ ঘৰ বাক্সা জিলাৰ ছামঠাইবাৰীত ৷ তেওঁ হাকোৱা নদীৰ গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই ছিৰাঙৰ উক্ত গাওঁখনত স্থায়ীভাৱে থাকিবলৈ লৈছিল ৷ পিছত ঘটনাস্থলীত চিৰাং আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে এই সন্দৰ্ভত তদন্ত অব্য়াহত থকা বুলি জানিবলৈ দিছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.