Smuggling cattle seized: চামগুৰিত চোৰাং গৰুসহ জব্দ ট্ৰেভেলাৰ - Traveller seized in Samaguri with cow
🎬 Watch Now: Feature Video

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰুৰ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে । কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই চোৰাং গৰুৰ (Smuggling cow seized in Samaguri) সৰবৰাহৰ বাবে লৈছে বিভিন্ন উপায় । নিশা চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে চামগুৰিত গৰুসহ বাহন জব্দ কৰে । চামগুৰিত চোৰাং গৰুসহ জব্দ হৈছে যাত্ৰীবাহী ট্ৰেভেলাৰ (Traveller seized in Samaguri with cow) । উল্লেখ্য় যে চামগুৰি আৰক্ষীয়ে অভিযান চলাই ভগামুৰৰ পৰা জব্দ কৰে গৰু ভৰ্তি AS-01HC-3243 নম্বৰৰ ট্ৰেভেলাৰখন । অৱশ্য়ে আৰক্ষীৰ অভিযানৰ উমান পাই তিনি সৰবৰাহকাৰীয়ে ১৮টাকৈ গৰুসহ (Smuggler escaped in Samaguri) ট্ৰেভেলাৰখন এৰি পলায়ন কৰে । উদ্ধাৰ কৰা চোৰাং গৰুকেইটা ততাতৈয়াকৈ নগাঁৱৰ গোশালালৈ প্ৰেৰণ কৰে চামগুৰি আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST