Robbery at Tinsukia: মাকুমত নিৰাপত্তাৰক্ষীৰ সন্মুখতেই ডকাইতে নিলে টকাৰ বাকচ - Jio Mar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 26, 2022, 5:04 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

তিনিচুকীয়া জিলাৰ মাকুমৰ চট' হাপজানত সোমবাৰে পুৱতি নিশা সংঘটিত হৈছে এক ৰহস্যজনক ডকাইতি কাণ্ড (Mysterious robbery at Makum) ৷ Jio Martৰ Connect Indiaত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো (Robbery at Makums Choto Hapjan) ৷ ডকাইতৰ দলটোৱে প্ৰতিষ্ঠানটোৰ পৰা উঠাই নিয়ে এটা টকাৰ বাকচ । উক্ত বাকচটোত ১০.৫০ লাখ টকা আছিল ৷ প্ৰতিষ্ঠানটোত নিৰাপত্তাৰক্ষীৰ লগতে কৰ্মচাৰীসকল থকাৰ পিছতো কেনেদৰে ডকাইতি কাণ্ড সংঘটিত হ'ল তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক আৰু মাকুম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ইতিমধ্য়ে কেইবাজনো লোকক ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে আটক কৰিছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.