Scam in SC Certificate: অনুসূচিত জাতিৰ প্ৰমান পত্ৰৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Oct 27, 2022, 12:49 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমান-পত্ৰ লৈ ধেমাজি আৰু দিছপুৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগত একাংশ অনা অনাসূচিত জনগোষ্ঠীৰ লোকে চাকৰি কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে (Scam in Scheduled Caste Certificate)। তদুপৰি এইসকল লোকে চৰকাৰৰ পৰা অন্যান্য সা-সুবিধা আদায় কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে (Scheduled Caste Yuv Chatra Parisad) ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ (GS of SCYCP) সাধাৰণ সম্পাদক জনাৰ্দন দাসে ধেমাজি আম্বেদকাৰ ভৱনত (Dhemaji Ambedkar Bhawan) জাতিগত প্ৰমান-পত্ৰ জালিয়াতিৰ বিষয়টো উল্লেখ কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ (Right to Information Act) সহায়ত পোৱা তথ্য অনুসৰি বহু লোকৰ নাম সাঙোৰ খাই আছে এই জালিয়াতিত ৷ ইয়াৰ পিছতো বাৰাম্বাৰ সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু মন্ত্ৰীক অভিযোগ দি থকা সত্বেও বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত অচিৰে অনুসূচিত জাতি প্ৰমান-পত্ৰ জালিয়াতি কৰা সকলৰ নাম একাদিক্ৰমে সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিব বুলি তেওঁ সঁকীয়াই দিয়ে । প্ৰয়োজনত এইসকলৰ বিৰুদ্ধ ৰাজপথত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.