Raas mahotshav 2022: কামপুৰৰ গাৰোখুন্দাত ৰাসৰ ব্যাপক প্ৰস্তুতি

By

Published : Nov 2, 2022, 10:49 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
শৰৎ মানেই আনন্দ । শৰৎ মানেই উল্লাস । শৰতে আনে আশাৰ বতৰা । এই সময়তেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ আখৰাত ব্যস্ত শিল্পী, ক'লা-কুশলীসকল (Raas mahotshav in Assam)। খোল বাঁহীৰ অমিয়া সুৰে মুখৰিত কৰিছে আকাশ-বতাহ । খোল, বাঁহী, তালৰ সুৰে সুৰে গোপীসকলৰ আখৰাই সকলোকে মুগ্ধ কৰিছে । ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে কামপুৰতো । কামপুৰৰ গাৰোখুন্দাত অহা ৭ আৰু ৮ নৱেম্বৰত উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা (Raas of Lord Krishna)। ইয়াকে লৈ দিনে-নিশাই আখৰাত ব্যস্ত হৈছে কপিলীপাৰৰ যুৱতী- মহিলাসকল (Preparation of Raas at Kampur) । গাৰোখুন্দাৰ ইতিহাস প্ৰসিদ্ধ বুঢ়াডাঙৰীয়া নামঘৰত ৭ নৱেম্বৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটখন মঞ্চস্থ কৰা হ'ব । আনহাতে, অহা ৮ নৱেম্বৰত গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰিব "নল দময়ন্তী" ভাওনা (Preparation of Nal Damayanti Bhaona at Garokhunda) ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.