Mrs Magnificent North East Contest: মিছেছ মেগনিফিচিয়েন্টত উজলিল বিহপুৰীয়াৰ নিভা - Madhavdev International Auditorium
🎬 Watch Now: Feature Video

মিছেছ মেগনিফিচিয়েন্ট নৰ্থ ইষ্ট ছিজন ২ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে বিহপুৰীয়ালৈ গৌৰব কঢ়িয়ালে নিভা ভূঞা শইকীয়াই (Mrs Magnificent North East Beauty Contest 2022)। তেওঁ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত যোৱা ২৪ ডিচেম্বৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে (Madhavdev International Auditorium)। বিহপুৰীয়া নিবাসী নাট্যকাৰ পৰিচালক তথা অধ্যাপক হৰেন শইকীয়াৰ পত্নী তথা পূব ডিক্ৰং মহাবিদ্যালয়ত কৰ্মৰত নিভা ভূঞা শইকীয়াই প্ৰতিযোগিতাৰ ৪০ বছৰৰ উৰ্দ্ধৰ গ্ৰুপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । গুৱাহাটীৰ পাৰিজাত প্ৰডাকচনৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত থলুৱা সাজপাৰৰ লগতে আ-অলংকাৰ, লোকসংস্কৃতি আৰু পশ্চিমীয়া সংস্কৃতি প্ৰৰ্দশনৰ দুটা ৰাউণ্ড অনুষ্ঠিত হয় । তেওঁৰ এই সাফল্যৰ বাবে বিহপুৰীয়াৰ বিভিন্ন দল-সংগঠনৰ লগতে শুভাকাংশীসকলে অভিনন্দন জ্ঞাপন কৰিছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST