TMC flag burn at Chirang: বিজনীত দুৰ্বৃত্তই জ্বলালে তৃণমূল কংগ্ৰেছৰ পতাকা - TMC Chirang district president Condemn
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17312459-321-17312459-1672033816131.jpg)
ৰবিবাৰে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল বিষ্ণুপুৰ বজাৰৰ চৌদিশে জিলা সভাপতি অৰ্নিবাণ সেনৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ বেনাৰ-পতাকা আঁৰিছিল (TMC flag burn in Chirang)। কিন্তু লগোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই মাজনিশা দুৰ্বৃত্তই একগোট কৰি বিষ্ণুপুৰ বাছ আস্থানৰ সমীপত এই বেনাৰ-পতাকাসমূহ জ্বলাই দিয়ে (Miscreants burn TMC flags at Bijni)। সোমবাৰে পুৱা দলৰ কৰ্মীসকলে এই বিষয়ে জানিব পাৰি ক্ষুব্ধ হৈ পৰাপৰিলক্ষিত হয় । দলটোৰ পতাকাকে আদি কৰিবেনাৰসমূহ জ্বলাই দিয়া এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনে (TMC Chirang district president Condemn)। তেওঁ কয় যে বিজনী সমষ্টিত বিজেপি দলৰ বিধায়ক আছে । তেনে পৰিপেক্ষিতত বিজেপি দলৰ সদস্য এই ঘটনাৰ আঁৰত থাকিব পাৰে । এই কাৰ্যত জড়িত লোকসকলক আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক তেওঁ দাবী জনায় ।
Last Updated : Feb 3, 2023, 8:37 PM IST