thumbnail

By

Published : Nov 29, 2022, 3:43 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Poor ambulance service in Assam: বাক্সাত ঠেলাৰে কঢ়িয়াব লগীয়া হৈছে ৰোগী

দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে । বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা ভাৰতৰ লগতে অসমতো নতুন নতুন আৱিষ্কাৰে মানুহৰ দৈনন্দিন জীৱন সলনি কৰিছে । কিন্তু এনে সময়তো এইখন অসমতে আজিও মধ্যযুগীয়া জীৱন যাপনেৰে দিন কটাইছে শ শ লোকে (Poor development in Baksha)। চৰকাৰে স্বাস্থ্য় খণ্ডত উন্নয়ন হোৱা বুলি দাবী কৰাৰ সময়তে বাক্সা জিলাৰ নিকাচিত ঠেলাৰে কঢ়িয়াই নিবলগীয়া হৈছে ৰোগী । জানিব পৰা মতে, ডায়েবেটিছত ভুগি থকা ৰোগীজনে চৰকাৰী এম্বুলেন্সৰ সৈতে যোগাযোগ কৰে যদিও এই সেৱা লাভ নকৰিলে (Lack of Ambulance service at Baksha) ৷ ৰোগীজনে কয় যে এম্বুলেন্সৰ বাবে কিছুদিন আগতে যোগাযোগ কৰাত এম্বুলেন্সখন বেয়া হৈ থকা বুলি জানিবলৈ দিয়ে ৷ সেয়েহে ঠেলাৰেই এনেদৰে তেওঁক আত্মীয়ই চিকিৎসালয়লৈ নিবলগীয়া হ'ল ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.