Exhibition in Guwahati:সৰুসজাইত থলুৱা সামগ্ৰীৰ প্ৰদর্শনীৰ আয়োজন - গুৱাহাটী পৌৰ নিগম

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 14, 2022, 7:58 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

ইডেন নার্চাৰীৰ উদ্যোগত অহা ১৭ ডিচেম্বৰৰ পৰা মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হ'ব থলুৱা সামগ্ৰীৰ প্ৰদর্শনী (Exhibition of indigenous products in Guwahati)। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰদর্শনীত হাতেৰে নির্মিত থলুৱা বাঁহ-বেতৰ সামগ্ৰী প্ৰদর্শিত হ'ব (Exhibition of indigenous products at Saroosjai) ৷ এই প্ৰদর্শনীত অসম থলুৱা গোটেসমূহে সহযোগ কৰিব বুলি মঙলবাৰে সৰুসজাইস্থিত ইডেন নার্চাৰীত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই বিষয়ে সদৰি কৰে স্বত্বাধিকাৰী চাকিউবা নাছিৱে ৷ উল্লেখ্য় যে ২০১৭ চনৰ ১৭ ডিচেম্বৰত ইডেন নাৰ্চাৰী আৰম্ভ কৰা হৈছিল । অহা ১৭ ডিচেম্বৰত নাৰ্চাৰীখনৰ পঞ্চম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি থলুৱা সামগ্ৰীৰ প্ৰদর্শনীখন আয়োজন কৰা বুলি তেওঁ কয় । উক্ত প্ৰদর্শনীখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া(Joint Secretary of BCCI), গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.