Dhaba Seal at Manikpur: মাণিকপুৰৰ গেৰুকাবাৰীত ধাবা ছীল প্ৰশাসনৰ

By

Published : Oct 23, 2022, 5:34 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ (Manikpur Police Station) অন্তৰ্গত গেৰুকাবাৰীস্থিত সৃষ্টি ধাবাখন দেওবাৰে প্ৰসাশনে ছীল (Administration Seal dhaba at Manikpur) কৰে । উল্লেখ্য যে উক্ত ধাবাখনত দীৰ্ঘদিন ধৰি অনৈতিক কাম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । শেহতীয়াকৈ ছবিয়াল ইছলাম নামৰ এজন যুৱকে এগৰাকী যুৱতীক ধাবাখনত ধৰ্ষণ (Girl raped at Srishti Dhaba) কৰাৰ অভিযোগ উত্থাপিত হৈছিল । সেই বাতৰি বিভিন্ন মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত ছবিয়ালক গ্ৰেপ্তাৰ কৰি (Raped accused arrested at Manikpur) জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয় । আৰক্ষীৰ তদন্তত ধাবাখন উক্ত ঘটনাৰ লগত জড়িত থকাৰ তথ্য পোৱাৰ পিছতেই আজি জিলা উপায়ুক্তৰ নিৰ্দেশ মতে চক্ৰ বিষয়া ৰীতিমনি দাস আৰু মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাৰ উপস্থিতিত ধাবাখন ছীল কৰা হয় ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.