Public protest at Teok: পৰিৱৰ্তনৰ ঢৌৱে ঢুকি নোপোৱা বৰাগাঁৱত ৰাইজৰ প্ৰতিবাদ - Villagers deprived from govt schemed in Teok

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 29, 2022, 6:34 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

পৰিৱৰ্তনৰ ঢৌৱে ঢুকি নোপোৱা এখন গাঁও হৈছে বৰাগাঁও (Villagers deprived from govt schemed in Teok) । টীয়ক সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী গাঁও পঞ্চায়ত এলেকাৰ এই গাঁওখনৰ প্ৰতি মাহীআইৰ দৃষ্টি জনপ্ৰতিনিধিৰ। গাঁওখনৰ যোগ্যজনক চৰকাৰে বঞ্চিত কৰিছে চৰকাৰী আৱাসৰ পৰা । লাভ কৰা নাই অৰুণোদয় আঁচনি,খোৱাপানীৰ লগতে চৰকাৰী অনান্য আঁচনিৰ সুফল (Public protest in Teok) । ইপিনে,জৰাজীৰ্ণ বাট-পথ,নাই প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি জলজীৱন মিছনৰ চিন মোকাম । বঞ্চিত গাঁওবাসীয়ে জনপ্ৰতিনিধিৰ ওচৰত অনুনয়-বিনয় কৰিও কোনো সুফল নোপোৱাত আজি গাৱঁৰ নামঘৰ প্ৰাংগণত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ লগতে প্ৰাপ্য সকলো সা সুবিধা প্ৰদান কৰি এইসকল দৰিদ্ৰ জনতাক সহায়ৰ হাত আগবঢ়াই জীৱন জীবিকাৰ পথ সুগম কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.