Book released in Puranugudam: ব্ৰহ্মচাৰী সত্ৰত শংকৰদেৱ নাম-ধৰ্ম সমাজৰ ধৰ্মালোচনা - Book released at Puranigudam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 15, 2022, 11:51 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম-ধৰ্ম সমাজৰ শাখা পুৰণিগুদাম আঞ্চলিক সমিতিৰ উদ্যোগত ব্ৰহ্মচাৰী সত্ৰৰ এলেকাধীন হৰি নামঘৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সোমবাৰে অনুষ্ঠিত হয় এখন ধৰ্মালোচনা আৰু গ্ৰন্থ উন্মোচনী সভা (Book released at Puranigudam) ৷ নামধৰ্ম সমাজৰ ৰাজ্যিক শৰণাচাৰ্য ৰাতুল চন্দ্ৰ ভূঞাৰ সভাপতিত্ব অনুষ্ঠিত উক্ত সভাত নগাঁও জিলা সমিতিৰ সভাপতি প্ৰফুল্ল বৰা ৰচিত 'কথা-গুৰুচৰিত্ৰ অমৃত নিজৰা' নামৰ গ্ৰন্থখনি উন্মোচন কৰে পুৰণিগুদামৰ সমাজসেৱক তৰুণ চন্দ্ৰ বৰাই (Meetings of srimanta Sankaradeva Namdharma Samaj ) ৷ বিভিন্ন ধৰ্মপুথি অধ্যয়নৰ জৰিয়তে তথ্য সমল সংগ্ৰহ কৰি পাঠক সমাজলৈ আগবঢ়োৱা গ্ৰন্থখনে এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে তৰুণ চন্দ্ৰ বৰাই । এই অনুষ্ঠানটোত তেজপুৰৰ উমেশ হাজৰিকা,প্ৰকাশ শইকীয়া,বোধন হাজৰিকা,মলয়া মেধি,যোৰহাটৰ প্ৰফুল্ল শইকীয়া,ৰাতুল চন্দ্ৰ ভূঞা, দিলিপ বৰা,জ্যোতি বৰা,কলিয়াবৰৰ প্ৰমোদ শইকীয়া, দিপক বৰা আৰু নগাঁও জিলা সমিতিৰ দণ্ডিৰাম বৰা উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.