Diwali at Golden Temple: দেৱালীত স্বৰ্ণ মন্দিৰত বন্দী চোড় দিৱস
দেৱালীক 'অমৃতসৰৰ ডাল ৰুটি ঘৰ দি দেৱালী' (Dal Roti Ghar Di Diwali of Amritsar) বুলি কোৱা হয় । অমৃতসৰত বন্দী চোড় দিৱস হিচাপে দেৱালী উদযাপন কৰা হয় । আজিৰ দিনটোতে শিখসকলৰ ষষ্ঠ গুৰু গুৰু হৰগোবিন্দ চাহিবে (Guru Hargobind Sahib) ৫২ খন ৰাজ্যক গোৱালিয়ৰ দূৰ্গৰ পৰা মুক্ত কৰিছিল । সেইদিনাৰ পৰা শিখ সম্প্ৰদায়ৰ লোকে দেৱালীক বন্দী চোড় দিৱস হিচাপে পালন কৰি আহিছে (Diwali in Sachkhand Sri Harmandir Sahib) । আজি সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবত দেৱালী উপলক্ষে পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰেহি । ভক্তসকলে পুৱা পবিত্ৰ হ্ৰদত গা ধুই সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবত সেৱা জনায় । এই উপলক্ষে ভক্তসকলে কয় যে, আমি অতি সৌভাগ্যৱান যে আমি এই পবিত্ৰ উৎসৱ উপলক্ষে ইয়ালৈ অহাৰ সুযোগ পাইছো । আমি বহুত সুখী, ইমান ডাঙৰ উৎসৱৰ আৰম্ভণি । এই উপলক্ষে এছজিপিচিৰ সদস্য (SGPC member)মনজিৎ সিঙে শিখসকলক দেৱালী আৰু বন্দী চোড় দিৱসৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST