AAGSU Protest in Musalpur: বিটিআৰত ভূমি পট্টাৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ গণ হুংকাৰ - AAGSU protest at Baksha
🎬 Watch Now: Feature Video
বাক্সা জিলাৰ মুছলপুৰত শনিবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই (আগছু) ভূমিৰ সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত উত্তাল পৰিবেশৰ সৃষ্টি কৰে (AAGSU protest at Baksha) ৷ জিলাখনৰ নিকাচিত আগছুৰ বাক্সা জিলা সমিতি আৰু সাতখন আঞ্চলিক সমিতিৰ সহযোগত খিলঞ্জীয়া গোৰ্খা সম্প্ৰদায়ক অসম চৰকাৰে প্ৰদান কৰা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদাক বিটিআৰ চৰকাৰে অতি শীঘ্ৰে বিটিআৰত কাৰ্যকৰী কৰা আৰু মাটিৰ সমস্যা সমাধানৰ দাবীত গোৰ্খা গৰ্জনেৰে বাক্সাৰ আকাশ মুখৰিত কৰি তোলে (AAGSU protest at Nikachi in Baksha)৷ এই গৰ্জন কাৰ্যসূচীত আগছুৰ সভাপতি অৰ্জুন ছেত্ৰী, সাধাৰণ সম্পাদক নুমল ছেত্ৰী, বিটিচি ক্ষেত্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰোহিত কুমাৰ দাহাল আৰু সম্পাদক হেমন্ত শৰ্মা আদিয়ে গোৰ্খা সকলৰ ভূমিৰ সমস্যা সমাধানৰ দাবীত ভাষণ প্ৰদান কৰে ৷ এই গোৰ্খা গৰ্জন কাৰ্যসূচীত কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়, কোকৰাঝাৰ, চিৰাং জিলাৰ দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST