Zubeen Garg Exclusive: কলকাতাত বঙালী ভাষাতে জুবিনে ক’লে মনৰ কথা - নিৰি নাইন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 25, 2023, 10:36 PM IST

নিউজ ডেস্ক, 25 মাৰ্চ: শনিবাৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ উপস্থিত হয় মহানগৰী কলকাতাত ৷ ‘‘নিৰি নাইন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’’ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে শিল্পীগৰাকী ৷ এই অনুষ্ঠানত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মিলিত জুবিন ৷ লগতে ইটিভি ভাৰতৰ সৈতে নিজৰ মনৰ ভাব প্ৰকাশ কৰে শিল্পীগৰাকীয়ে (Zubeen Garg Exclusive)৷

এই সাক্ষাতকাৰৰ জৰিয়তে শিল্পীগৰাকীয়ে বৰ্তমান প্ৰজন্মৰ শিল্পীসকলকো তেওঁ বহু কথা কয় । লগতে সকলোকে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে । ইফালে সাক্ষাৎকাৰত তেওঁ অসমৰ সন্তান হয় যদিও নিজকে এগৰাকী বংগবাসী বুলিও উল্লেখ কৰে(Zubeen Garg)। তেওঁ কয়, "বাংলা মোৰ ঘৰ(How many Assamese songs sung by Zubeen Garg) । মই আধা বঙালী ।"

একে সময়তে তেওঁ ইটিভি ভাৰতৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও ৰাজহুৱাভাৱে উল্লেখ কৰে । ইফালে তেওঁ সংবাদিকক আগন্তুক ৰঙালী বিহুৰ বাবে নিজৰ প্ৰস্তুতি অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়াৰ লগতে নিজৰ কন্ঠক জিৰণি দিয়া বুলি কয় ৷ সেয়ে তেওঁ বৰ্তমান কোনো অনুষ্ঠানতে গীত পৰিৱেশন নকৰাৰ কথা উল্লেখ কৰে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ৷ 

লগতে পঢ়ক: Parineeti Raghav Roka: ৰাঘৱৰ সৈতে পৰিণীতি চোপ্ৰাৰ বিবাহ ঠিক হ’ল নেকি ? চাওক প্ৰমাণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.